বলীউডৰ কণ্ঠশিল্পী দৰ্শন ৰাৱল ১৯ নৱেম্বৰত বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়।
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী দৰ্শন ৰাৱল বৃহস্পতিবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।
২০ নৱেম্বৰত মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া চেৰী ব্লছম ফেষ্টিভেল ২০২৬ত সংগীত পৰিৱেশন কৰিব দৰ্শন ৰাৱলে।
২০ আৰু ২১ নৱেম্বৰত ভইৰিমবঙৰ মদন কুৰকালাং ক্ৰীড়া প্ৰকল্পত এই সংগীত মহোৎসৱ অনুষ্ঠিত হ'ব।
দ্বিতীয় দিনা আৰ এণ্ড বি শিল্পী খালিদ, ৰেপ শিল্পী ছুৱে লি, ছুইডিছ ইলেক্ট্ৰনিক সংগীত যুটি গেলাণ্টিছ আৰু ৰেট্ৰ'-পপ শিল্পী এলিয়ট জেমছ ৰে মঞ্চত থাকিব।
newznow.in