গুৱাহাটী, ১৯ নৱেম্বৰ:

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী দৰ্শন ৰাৱল বৃহস্পতিবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত অনুৰাগীসকলে ফুলৰ থোপা আৰু অসমীয়া গামোচাৰে শিল্পীগৰাকীক উষ্ম আদৰণি জনায়।

২০ নৱেম্বৰত মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত হ'বলগীয়া চেৰী ব্লছম ফেষ্টিভেল ২০২৬ত সংগীত পৰিৱেশন কৰিব দৰ্শন ৰাৱলে। প্ৰথমবাৰৰ বাবে শ্বিলঙত অনুষ্ঠান পৰিৱেশন কৰিবলৈ পাই তেওঁ অত্যন্ত উৎসাহিত বুলি কণ্ঠশিল্পীগৰাকীয়ে প্ৰকাশ কৰে।

দুদিনীয়াকৈ অনুষ্ঠিত হ'ব উৎসৱ

২০ আৰু ২১ নৱেম্বৰত ভইৰিমবঙৰ মদন কুৰকালাং ক্ৰীড়া প্ৰকল্পত এই সংগীত মহোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম দিনা দৰ্শন ৰাৱলৰ লগতে আমেৰিকান ৰেপ শিল্পী নেলী, পপ-ৰক বেণ্ড বয়েজ লাইক গাৰ্লছ আৰু ইলেক্ট্ৰনিক সংগীত যুটি আল্টেগোৱে অনুষ্ঠান পৰিৱেশন কৰিব।

দ্বিতীয় দিনা আৰ এণ্ড বি শিল্পী খালিদ, ৰেপ শিল্পী ছুৱে লি, ছুইডিছ ইলেক্ট্ৰনিক সংগীত যুটি গেলাণ্টিছ আৰু ৰেট্ৰ'-পপ শিল্পী এলিয়ট জেমছ ৰে মঞ্চত থাকিব। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী আৰু বেণ্ডেও উৎসৱত সংগীত পৰিৱেশন কৰিব।

খাদ্যৰ মেলা আৰু বিভিন্ন প্ৰতিযোগিতা

সংগীতানুষ্ঠানৰ উপৰি উৎসৱস্থলীত স্থানীয় খাদ্যৰ মেলা, কলা প্ৰদৰ্শনী, ফেশ্বন শ্ব', কছপ্লে' প্ৰতিযোগিতা, বিটবক্সিং, আৰ্ম ৰেছলিং আৰু বিভিন্ন ফিটনেছ চেলেঞ্জৰ আয়োজন কৰা হৈছে।

এদিনীয়া সাধাৰণ প্ৰৱেশৰ টিকটৰ মূল্য ৩,১৯৯ টকাৰ পৰা আৰম্ভ হৈছে। ভিআইপি, ফেনপিট, ভিআইপি+, বেকষ্টেজ আৰু চিবি লাউঞ্জকে ধৰি বিভিন্ন শ্ৰেণীৰ টিকটৰ ব্যৱস্থা আছে। দুদিনীয়া সাধাৰণ পাছৰ মূল্য ৬,১৯৯ টকাৰ পৰা আৰম্ভ হৈছে। টিকটৰ মূল্যত ১৮ শতাংশ জিএছটি আৰু বুকিং মাচুল অন্তৰ্ভুক্ত বুলি প্ৰকাশ কৰা হৈছে।