এনএইচএআইৰ আৰটিআই উত্তৰৰ ভিত্তিত অসমত মাত্ৰ তিনিখন টোলগেটহে বৈধভাৱে চলি থকা বুলি দাবী কৰিছে অসমীয়া যুৱ মঞ্চই।
গুৱাহাটী, ১৯ নৱেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আৰটিআই উত্তৰৰ ভিত্তিত অসমত মাত্ৰ তিনিখন টোলগেটহে বৈধভাৱে চলি থকা বুলি দাবী কৰিছে অসমীয়া যুৱ মঞ্চই।
বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ নেতা আকাশ শইকীয়াই কয় যে, ভাৰত চৰকাৰৰ অধীনস্থ এনএইচএআইলৈ দাখিল কৰা আৰটিআই আবেদনৰ উত্তৰ লাভ কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে।
শইকীয়াৰ দাবী অনুসৰি, এনএইচএআইৰ অধীনত বৈধ হিচাপে উল্লেখ থকা টোলগেট তিনিখন হৈছে মদনপুৰ, নাজিৰাখাট আৰু ৰহা।
শইকীয়াই লগতে কয় যে, ৰাজ্যত কোনো নতুন টোলগেট নিৰ্মাণৰ কাম চলি থকা নাই বুলি এনএইচএআইৰ উত্তৰত জনোৱা হৈছে।
newznow.in