গুৱাহাটী, ১৯ নৱেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আৰটিআই উত্তৰৰ ভিত্তিত অসমত মাত্ৰ তিনিখন টোলগেটহে বৈধভাৱে চলি থকা বুলি দাবী কৰিছে অসমীয়া যুৱ মঞ্চই। সংগঠনটোৱে অভিযোগ কৰিছে যে, ৰাজ্যত চলি থকা আন টোলগেটসমূহৰ সন্দৰ্ভত এনএইচএআইৰ হাতত কোনো তথ্য নাই।
বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ নেতা আকাশ শইকীয়াই কয় যে, ভাৰত চৰকাৰৰ অধীনস্থ এনএইচএআইলৈ দাখিল কৰা আৰটিআই আবেদনৰ উত্তৰ লাভ কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে।
শইকীয়াৰ দাবী অনুসৰি, এনএইচএআইৰ অধীনত বৈধ হিচাপে উল্লেখ থকা টোলগেট তিনিখন হৈছে মদনপুৰ, নাজিৰাখাট আৰু ৰহা। ৰাজ্যখনত প্ৰায় ১২ৰ পৰা ১৪খন টোলগেট চলি থকাৰ কথা উল্লেখ কৰি তেওঁ বাকী টোলগেটসমূহৰ বৈধতাক লৈ প্ৰশ্ন তোলে।

শইকীয়াই লগতে কয় যে, ৰাজ্যত কোনো নতুন টোলগেট নিৰ্মাণৰ কাম চলি থকা নাই বুলি এনএইচএআইৰ উত্তৰত জনোৱা হৈছে। কিন্তু যোৰহাটৰ মেলেং আৰু ডিব্ৰুগড়ত নতুন টোলগেট নিৰ্মাণৰ কাম চলি থকা বুলি তেওঁ দাবী কৰে। এই ক্ষেত্ৰত অনুমতি আৰু নিৰ্মাণ-সংক্ৰান্তীয় তথ্যৰ স্বচ্ছতা নিশ্চিত কৰাৰ দাবী জনায় সংগঠনটোৱে।
টোলগেটসমূহত বাহনৰ পৰা ইচ্ছামতে মাচুল সংগ্ৰহ কৰি সাধাৰণ ৰাইজৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিয়া হৈছে বুলিও অভিযোগ কৰে শইকীয়াই। বিষয়টোৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে অসমীয়া যুৱ মঞ্চই। https://www.facebook.com/share/v/1HbrAwhg5K/