অসম কেবিনেটে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
গুৱাহাটী, ১৯ নৱেম্বৰ: অসম চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি, জিলা পৰিষদৰ সভাপতিসকলৰ মাহিলি পাৰিতোষিক ১০ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।
আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলে এতিয়াৰ পৰা মাহিলি ১০ হাজাৰ টকাকৈ লাভ কৰিব।
গাঁও পঞ্চায়তৰ সভাপতিসকলৰ মাহিলি পাৰিতোষিক ৫ হাজাৰ টকাৰ পৰা ৬,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।
newznow.in