গুৱাহাটী, ১৯ নৱেম্বৰ: অসম চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। নতুন দিল্লীত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, জিলা পৰিষদৰ সভাপতিসকলৰ মাহিলি পাৰিতোষিক ১০ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। উপ-সভাপতিসকলৰ পাৰিতোষিক ৭,৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈ আৰু সদস্যসকলৰ পাৰিতোষিক ৪ হাজাৰ টকাৰ পৰা ৫,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।

আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলে এতিয়াৰ পৰা মাহিলি ১০ হাজাৰ টকাকৈ লাভ কৰিব। পূৰ্বে তেওঁলোকে ৭,৫০০ টকা লাভ কৰিছিল। উপ-সভাপতিসকলৰ পাৰিতোষিক ৫ হাজাৰ টকাৰ পৰা ৭ হাজাৰ টকালৈ আৰু সদস্যসকলৰ পাৰিতোষিক ৩ হাজাৰ টকাৰ পৰা ৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

গাঁও পঞ্চায়তৰ সভাপতিসকলৰ মাহিলি পাৰিতোষিক ৫ হাজাৰ টকাৰ পৰা ৬,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। উপ-সভাপতিসকলে পূৰ্বৰ ৩ হাজাৰ টকাৰ পৰিৱৰ্তে ৪ হাজাৰ টকা লাভ কৰিব। সদস্যসকলৰ পাৰিতোষিক ২ হাজাৰ টকাৰ পৰা ২,৬০০ টকালৈ বৃদ্ধি কৰা হৈছে।

এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ তিনিটা স্তৰৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধি পাব।