চৰাইদেউৰ ১৫ নৱেম্বৰৰ অধিৱেশনলৈ কেৱল আমন্ত্ৰিত অতিথি হিচাপে গৈছিলোঁ বুলি স্পষ্ট কৰিলে ৰাজ্যসভাৰ সাংসদ যোগেন মহনে।
মৰাণ, ১৯ নৱেম্বৰ: তাই আহোম জনগোষ্ঠীৰ পৰিচয়ক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ যোগেন মহনে।
মৰাণত অনুষ্ঠিত এখন বৈঠকৰ পাছত যোগেন মহনে জনায় যে, অনুষ্ঠানটো উদ্বোধন কৰিবলৈ তেওঁক কেৱল আমন্ত্ৰিত অতিথি হিচাপেহে আমন্ত্ৰণ জনোৱা হৈছিল।
তেওঁৰ ভাষ্য অনুসৰি, অনুষ্ঠানত স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে সকলোকে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনাইছিল।
বংশাৱলী সম্পৰ্কীয় অধিৱেশনৰ কোনো সমিতি, কাৰ্যকৰী সমিতি বা উপদেষ্টা মণ্ডলীৰ সদস্য তেওঁ নাছিল বুলি যোগেন মহনে কয়।
newznow.in