মৰাণ, ১৯ নৱেম্বৰ: তাই আহোম জনগোষ্ঠীৰ পৰিচয়ক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ যোগেন মহনে। চৰাইদেউ জিলাৰ জজলী গড়কুশ লাচিত প্ৰেক্ষাগৃহত ১৫ নৱেম্বৰত অনুষ্ঠিত আহোম মহন্ত, দেওধাই আৰু বাইলুঙৰ বংশাৱলী সম্পৰ্কীয় অধিৱেশনত উপস্থিত থকাৰ বিষয়টোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত তেওঁ কয় যে, অধিৱেশনৰ সৈতে জড়িত কোনো সিদ্ধান্ত বা কাৰ্যকলাপৰ লগত তেওঁৰ সম্পৰ্ক নাই।

মৰাণত অনুষ্ঠিত এখন বৈঠকৰ পাছত যোগেন মহনে জনায় যে, অনুষ্ঠানটো উদ্বোধন কৰিবলৈ তেওঁক কেৱল আমন্ত্ৰিত অতিথি হিচাপেহে আমন্ত্ৰণ জনোৱা হৈছিল। পূৰ্বনিৰ্ধাৰিত বিভিন্ন কাৰ্যসূচী থকাৰ বাবে নিৰ্দিষ্ট সময়ত উপস্থিত থাকিব নোৱাৰি কিছু সময়ৰ বাবেহে অনুষ্ঠানস্থলীলৈ গৈছিল তেওঁ।

মাত্ৰ পাঁচ মিনিট বক্তব্য ৰাখি ফুটবল খেলৰ আন এক কাৰ্যসূচীলৈ গুচি গৈছিলোঁ। তাৰ পাছত অধিৱেশনৰ সভাপতি, সম্পাদক বা অভ্যৰ্থনা সমিতিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিছিল বা কি বক্তব্য দিছিল, সেই বিষয়ে মই অৱগত নহওঁ।

তেওঁৰ ভাষ্য অনুসৰি, অনুষ্ঠানত স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে সকলোকে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনাইছিল। জনগোষ্ঠীটোক ভাগ-ভাগ কৰাৰ যিকোনো প্ৰচেষ্টা জাতিটোৰ বাবে ক্ষতিকাৰক হ’ব বুলিও তেওঁ সকীয়াই দিছিল।

বংশাৱলী সম্পৰ্কীয় অধিৱেশনৰ কোনো সমিতি, কাৰ্যকৰী সমিতি বা উপদেষ্টা মণ্ডলীৰ সদস্য তেওঁ নাছিল বুলি যোগেন মহনে কয়। সেয়ে অধিৱেশনৰ পৰৱৰ্তী সিদ্ধান্ত বা কোনো বিশেষ পৰিচয় গঠনৰ প্ৰচেষ্টাৰ সৈতে তেওঁক জড়িত কৰাটো অনুচিত বুলিও মন্তব্য কৰে তেওঁ। বংশাৱলী সম্পৰ্কীয় অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাটো কোনো অপৰাধ হ’ব নোৱাৰে বুলিও তেওঁ কয়।

তেওঁ কয়, ২০০৫ চনত তাই আহোম ছাত্ৰ সন্থা দুটা ভাগত বিভক্ত হৈ থকাৰ সময়ত ড° দয়ানন্দ বৰগোহাঁই, মনোৰঞ্জন ফুকন আৰু পূৰ্বাঞ্চলৰ নেতাসকলৰ সহযোগত সংগঠনটোক একত্ৰিত কৰাৰ চেষ্টা কৰিছিল। তাই আহোম জনগোষ্ঠীৰ ঐক্য আৰু জনজাতিকৰণৰ দাবীৰ প্ৰতি তেওঁ সদায় দায়বদ্ধ বুলি উল্লেখ কৰি প্ৰয়োজন হ’লে ৰাজ্যসভাত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় উত্থাপন কৰিবলৈ সাজু বুলিও জনায়।

বৈঠকত আটাছুৰ সভাপতি মিলন বৰগোহাঁই, পূৰ্বাঞ্চল তাই সাহিত্য পৰিষদৰ সাধাৰণ সম্পাদক বিজয় ৰাজকোঁৱৰ, ড° ৰত্নগোপালকে ধৰি কেইবাটাও তাই আহোম সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল বুলি তেওঁ জনায়। তাই আহোম গণমঞ্চ, মহন্ত-দেওধাই-বাইলুঙ সম্পৰ্কীয় সংগঠন আৰু পণ্ডিত পৰিষদৰ প্ৰতিনিধিসকলৰ লগতো নিজৰ স্থিতি স্পষ্ট কৰা বুলি কয়।

১৫ নৱেম্বৰৰ অধিৱেশনত তেওঁৰ উপস্থিতিৰ বাবে কোনো সংগঠন বা ব্যক্তি অসন্তুষ্টি যদি হৈছে তাৰ বাবে দুখ প্ৰকাশ কৰি যোগেন মহনে বিষয়টো ইয়াতে সামৰি জাতি আৰু সমাজৰ বৃহত্তৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁৰ বিৰুদ্ধে অযথা ষড়যন্ত্ৰ কৰি লাভ নাই বুলিও মন্তব্য কৰি বৃহত্তৰ অসমীয়া সমাজৰ ঐক্য আৰু অসমৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে সাংসদগৰাকীয়ে।