মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে হিংসা আৰু ভয়-ভাবুকিৰ অভিযোগ তুলি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছে।
গুৱাহাটী, ১৯ নৱেম্বৰ: অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হিংসা, আক্ৰমণ আৰু ভয়-ভাবুকিৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গঠন কৰা চাৰিজনীয়া প্ৰতিনিধি দলটোৱে গুৱাহাটীত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দাখিল কৰে।
প্ৰতিনিধি দলটোত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, প্ৰাক্তন সাংসদ বলীন কুলী আৰু আব্দুল খালেক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য গুণকান্ত গগৈ উপস্থিত আছিল।
স্মাৰকপত্ৰত কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণিতে সংঘটিত কেইবাটাও আক্ৰমণৰ ঘটনা উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে।
newznow.in