গুৱাহাটী, ১৯ নৱেম্বৰ: অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হিংসা, আক্ৰমণ আৰু ভয়-ভাবুকিৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। নিৰ্বাচনী এলেকাসমূহত সংঘটিত ধাৰাবাহিক হিংসাত্মক ঘটনাৰ অভিযোগ তুলি বৃহস্পতিবাৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে দলটোৱে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গঠন কৰা চাৰিজনীয়া প্ৰতিনিধি দলটোৱে গুৱাহাটীত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দাখিল কৰে। সুস্থ, নিকা, স্বচ্ছ আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায় দলটোৱে।

প্ৰতিনিধি দলটোত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, প্ৰাক্তন সাংসদ বলীন কুলী আৰু আব্দুল খালেক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য গুণকান্ত গগৈ উপস্থিত আছিল।

স্মাৰকপত্ৰত কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণিতে সংঘটিত কেইবাটাও আক্ৰমণৰ ঘটনা উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে। দলটোৰ অভিযোগ অনুসৰি, যোৱা ১৪ নৱেম্বৰত মাজুলী জিলাৰ ১ নং বনৰীয়া চাপৰিত নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত টি এম পি কে আৰু গণশক্তিৰ কৰ্মীৰ আক্ৰমণত কেইবাজনো লোক আহত হয়। ঘটনাটোত দুখন দুচকীয়া বাহন আৰু এখন চাৰিচকীয়া বাহন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বুলিও স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে।

একেদিনাই সন্ধিয়া ধেমাজি জিলাৰ জীয়াঢল সমষ্টিত গণশক্তিৰ কৰ্মীৰ আক্ৰমণত প্ৰাঞ্জল পায়েং আৰু ৰাহুল নৰহ নামৰ দুজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি কংগ্ৰেছে অভিযোগ কৰে। ১৭ নৱেম্বৰত টি এম পি কেৰ এটা দলে মিংমাং সমষ্টিৰ প্ৰাৰ্থী মিল্টন পেগুক আক্ৰমণ কৰি গুৰুতৰভাৱে জখম কৰাৰ অভিযোগো উত্থাপন কৰা হৈছে।

আনহাতে, ১৮ নৱেম্বৰৰ পুৱা প্ৰায় ৮ বজাত ৪ নং দে-বিং-দে-টাক সমষ্টিৰ প্ৰাৰ্থী জিতুমণি পাতিৰৰ নিৰ্বাচনী এজেণ্ট জয়নাথ দলেক টি এম পি কেৰ সমৰ্থকে প্ৰহাৰ কৰা বুলি স্মাৰকপত্ৰত উল্লেখ আছে। টি এম পি কে, গণশক্তি আৰু বিজেপিৰ সমৰ্থকসকলে মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন নিৰ্বাচনী এলেকাত আন প্ৰাৰ্থীসকলক ভয়-ভাবুকি দিয়াৰ লগতে নিৰ্বাচনী প্ৰচাৰত বাধা সৃষ্টি কৰাৰ অভিযোগো দলটোৱে তুলিছে।

ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাৰ নিৰ্বাচনী এলেকাসমূহত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ, আৰক্ষীৰ নিয়মীয়া তহল বৃদ্ধি আৰু ভোটগ্ৰহণৰ দিনা স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ দাবী জনাইছে কংগ্ৰেছে। অভিযোগ উত্থাপিত হিংসাত্মক ঘটনাসমূহৰ তদন্ত কৰি জড়িত দোষীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ ওচৰত দাবী জনায় প্ৰতিনিধি দলটোৱে।