নগাঁও জিলাত মহিলা আৰু শিশু বিকাশ বিভাগৰ আঁচনিৰ পৰ্যালোচনা কৰা হয়।
নগাঁও জিলাত নিৰ্মাণাধীন ৫০৪খন মডেল অংগনৱাড়ী কেন্দ্ৰৰ কাম অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰায় ৮২ কোটি টকা ব্যয় সাপেক্ষে জিলাখনত ৫০৪খন মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল।
বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা আন আঁচনিসমূহৰ কামো সময়মতে সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়া হয়।
ইয়াৰ লগতে শিশু শ্ৰমিকৰ সমস্যা ৰোধ কৰিবলৈ বিশেষ সজাগতা অভিযান চলোৱাৰ প্ৰয়োজনীয়তাৰ কথাও উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।
newznow.in