নগাঁও জিলাত নিৰ্মাণাধীন ৫০৪খন মডেল অংগনৱাড়ী কেন্দ্ৰৰ কাম অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মঙলবাৰে মহিলা আৰু শিশু বিকাশ বিভাগৰ বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ কাম-কাজ পৰ্যালোচনা কৰি এই কথা সদৰী কৰে মন্ত্ৰী অজন্তা নেওগে।
প্ৰায় ৮২ কোটি টকা ব্যয় সাপেক্ষে জিলাখনত ৫০৪খন মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল। ইয়াৰে ২৭৩খন কেন্দ্ৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। বাকী কেন্দ্ৰসমূহৰ কামো অন্তিম পৰ্যায়ত থকা বুলি পৰ্যালোচনা বৈঠকত জনোৱা হয়।
বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা আন আঁচনিসমূহৰ কামো সময়মতে সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়া হয়। জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি বাল্যবিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
ইয়াৰ লগতে শিশু শ্ৰমিকৰ সমস্যা ৰোধ কৰিবলৈ বিশেষ সজাগতা অভিযান চলোৱাৰ প্ৰয়োজনীয়তাৰ কথাও উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। বিদ্যালয় এৰা শিশুসকল যাতে শিশু শ্ৰমিক হিচাপে নিয়োজিত নহয়, তাৰ বাবে অভিভাৱক আৰু সমাজৰ মাজত সজাগতা বৃদ্ধিৰ আহ্বান জনোৱা হয়।
আনহাতে, নগাঁৱৰ পৰ্যটন সম্ভাৱনাক অধিক আগবঢ়াই নিয়াৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। অসমৰ বিভিন্ন পৰ্যটন চাৰ্কিটৰ সৈতে নগাঁওক সংযুক্ত কৰি জিলাখনৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে পৰৱৰ্তী পৰ্যায়ত বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰা হয়।