উত্তৰ প্ৰদেশৰ বুলন্দচহৰত বিয়াৰ ভোজত মাংসৰ টুকুৰাৰ পৰিমাণক লৈ দৰা-কইনা পক্ষৰ সংঘৰ্ষত মহিলা-শিশুসহ কেইবাজনো লোক আহত হৈছে।
এখন বিবাহ অনুষ্ঠানত খাদ্য পৰিৱেশনত ভোজত মাংসৰ টুকুৰাক কেন্দ্ৰ কৰি দৰা আৰু কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট।
উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ ছায়ানা অঞ্চলত এখন বিবাহ অনুষ্ঠানৰ ভোজত মাংসৰ কোৰ্মাত টুকুৰাৰ পৰিমাণ কম-বেছি হোৱাক লৈ দৰা আৰু কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে।
ভোজ খাবলৈ বহাৰ সময়তে মাংসৰ টুকুৰাক লৈ দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা আৰম্ভ হয়।
ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে।
newznow.in