বুলন্দচহৰ, ২০ নৱেম্বৰ:

এখন বিবাহ অনুষ্ঠানত খাদ্য পৰিৱেশনত ভোজত মাংসৰ টুকুৰাক কেন্দ্ৰ কৰি দৰা আৰু কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট।

উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ ছায়ানা অঞ্চলত এখন বিবাহ অনুষ্ঠানৰ ভোজত মাংসৰ কোৰ্মাত টুকুৰাৰ পৰিমাণ কম-বেছি হোৱাক লৈ দৰা আৰু কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে।

ভোজ খাবলৈ বহাৰ সময়তে মাংসৰ টুকুৰাক লৈ দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা আৰম্ভ হয়। কিছু সময়ৰ ভিতৰতে তৰ্কই হিংসাত্মক ৰূপ লয় আৰু বিবাহস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ঘটনাটোৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ’ত দুয়োপক্ষৰ লোকক ইজনে সিজনক লাথ-ঘোচা মৰাৰ লগতে চকী, মেজ আৰু বাচন-বৰ্তন দলিয়াই আক্ৰমণ কৰা দেখা গৈছে। একাংশ লোকে লাঠীৰেও আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে।

সংঘৰ্ষত মহিলা আৰু শিশুসহ দুয়োপক্ষৰ কেইবাজনো লোক আহত হৈছে। অৱশ্যে আহতৰ সঠিক সংখ্যা সন্দৰ্ভত স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই। মাৰপিটৰ ফলত ভোজৰ টেবুল, চকী আৰু মেজ সিঁচৰতি হৈ পৰে।

খবৰ লাভ কৰি স্থানীয় আৰক্ষী বিবাহস্থলীত উপস্থিত হৈ দুয়োপক্ষক বুজাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীৰ হস্তক্ষেপৰ পাছত বিবাহৰ বাকী আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হয় আৰু কইনাক বিদায় দিয়া হয়।

সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ভিডিঅ’ত দেখা লোকসকলৰ পৰিচয় চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলি আছে।