মৰাণৰ জজলিত অনুষ্ঠিত অভিৱৰ্তনত টাই ম' নামে সুকীয়া জনগোষ্ঠী গঠন আৰু জনজাতিকৰণৰ প্ৰস্তাৱৰ সৈতে জড়িত নহয় বুলি জনালে মহন-দেওধাই-বাইলুং সন্মিলনে।
শিৱসাগৰ: মৰাণৰ জজলিত অনুষ্ঠিত এক অভিৱৰ্তনত টাই ম' নামে সুকীয়া জনগোষ্ঠী গঠন আৰু জনজাতিকৰণৰ দাবীত প্ৰস্তাৱ গ্ৰহণৰ ঘটনাৰ সৈতে মহন-দেওধাই-বাইলুং সন্মিলন কোনো ধৰণে জড়িত নহয় বুলি স্পষ্ট কৰিছে…
শিৱসাগৰস্থিত ঐক্যৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱা আৰু সমন্বয়ক হেমজিৎ দেওধাই ফুকনে এই স্থিতি প্ৰকাশ কৰে।
সন্মিলনৰ মতে, টাই ম' নামৰ সংগঠনটো ২০২৫ চনত গঠন হোৱা নতুন সংগঠন।
টাই ম' সংগঠনক সুকীয়া মঞ্চ গঠনৰ পৰা বিৰত থাকি সকলোকে একেলগে আগবাঢ়িবলৈ সন্মিলনে আহ্বান জনায়।
newznow.in