শিৱসাগৰ: মৰাণৰ জজলিত অনুষ্ঠিত এক অভিৱৰ্তনত টাই ম' নামে সুকীয়া জনগোষ্ঠী গঠন আৰু জনজাতিকৰণৰ দাবীত প্ৰস্তাৱ গ্ৰহণৰ ঘটনাৰ সৈতে মহন-দেওধাই-বাইলুং সন্মিলন কোনো ধৰণে জড়িত নহয় বুলি স্পষ্ট কৰিছে সংগঠনটোৱে। এই দাবীক সন্মিলনে সমৰ্থনো নকৰে।
শিৱসাগৰস্থিত ঐক্যৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱা আৰু সমন্বয়ক হেমজিৎ দেওধাই ফুকনে এই স্থিতি প্ৰকাশ কৰে। তেওঁলোকে কয়, মৰাণত অনুষ্ঠিত অভিৱৰ্তনত মহন-দেওধাই-বাইলুং বংশাৱলী পৰিষদে সুকীয়া পৰিচয় আৰু জনজাতিকৰণৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি সন্মিলন অৱগত নাছিল।
সন্মিলনৰ মতে, টাই ম' নামৰ সংগঠনটো ২০২৫ চনত গঠন হোৱা নতুন সংগঠন। সংগঠনটোৰ নীতি-আদৰ্শ অথবা কাৰ্যকলাপ সম্পৰ্কে সন্মিলন অৱগত নহয় বুলি তেওঁলোকে জনায়। মহন-দেওধাই-বাইলুং সন্মিলনে আজিলৈকে জাতি বিভাজনৰ কোনো কাৰ্য কৰা নাই বুলিও দাবী কৰে।
চৰকাৰে মহন-দেওধাই-বাইলুংসকলক কোনো সুবিধা দিব বিচাৰিলে তাক গ্ৰহণ কৰাত আপত্তি নাই। কিন্তু জাতি দ্বিখণ্ডিত হোৱা কোনো প্ৰস্তাৱ আমি মানি নলওঁ আৰু তেনে সুবিধাও গ্ৰহণ নকৰোঁ।
টাই ম' সংগঠনক সুকীয়া মঞ্চ গঠনৰ পৰা বিৰত থাকি সকলোকে একেলগে আগবাঢ়িবলৈ সন্মিলনে আহ্বান জনায়। টাই ভাষাত ‘ম'’ শব্দৰ অৰ্থ জ্ঞানী বুলি উল্লেখ কৰি সংগঠনটোৱে এই শব্দৰ মৰ্যাদা ৰক্ষা কৰিছে নে নাই বুলিও সন্মিলনে প্ৰশ্ন তোলে।
অভিৱৰ্তনখন মুখ্যমন্ত্ৰীৰ সন্মতিত হৈছিল বুলি প্ৰকাশ পোৱাৰ পাছত বিষয়টো অধিক জটিল হৈছে বুলি সন্মিলনে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে এনে কাৰ্যক সমৰ্থন নকৰে বুলি বিশ্বাস থাকিলেও, তেওঁৰ নাম উত্থাপিত হোৱাৰ বাবে স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয় বুলি সংগঠনটোৱে জনায়।
নাজিৰা সমষ্টিৰ বিধায়কে মুখ্যমন্ত্ৰীৰ হৈ এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে যদিও মুখ্যমন্ত্ৰীৰ নিজা স্পষ্টীকৰণ বিচাৰে সন্মিলনে। টাই ম'ৰ এই পদক্ষেপৰ আঁৰত কোনো ৰাজনৈতিক অভিসন্ধি থকাৰ সম্ভাৱনাও নস্যাৎ কৰা নাই সংগঠনটোৱে।