নাগালেণ্ডত আৰম্ভ হৈছে চতুৰ্থ ৰাজ্যিক আৰু পেৰা গেমছ ২০২৬।
নাগালেণ্ডত সোমবাৰৰ পৰা আৰম্ভ হৈছে চতুৰ্থ নাগালেণ্ড ৰাজ্যিক আৰু পেৰা গেমছ ২০২৬।
‘Stronger Together’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত এই প্ৰতিযোগিতাসমূহ চুমৌকেডিমা আৰু ডিমাপুৰৰ মুঠ আঠটা স্থানত অনুষ্ঠিত হ’ব।
এইবাৰৰ ক্ৰীড়া সমাৰোহত ৩,০০০ৰো অধিক প্ৰতিযোগীয়ে পঞ্জীয়ন কৰিছে।
ৰাজ্যিক পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিয়াৰ লগতে দিব্যাংগ খেলুৱৈসকলকো ক্ৰীড়াৰ মূল সোঁতলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
newznow.in