নাগালেণ্ডত সোমবাৰৰ পৰা আৰম্ভ হৈছে চতুৰ্থ নাগালেণ্ড ৰাজ্যিক আৰু পেৰা গেমছ ২০২৬। নাগালেণ্ড অলিম্পিক এছ’চিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই ক্ৰীড়া সমাৰোহ চলিব ১৪ নৱেম্বৰলৈকে।

‘Stronger Together’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত এই প্ৰতিযোগিতাসমূহ চুমৌকেডিমা আৰু ডিমাপুৰৰ মুঠ আঠটা স্থানত অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ ১৭খন জিলাৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

এইবাৰৰ ক্ৰীড়া সমাৰোহত ৩,০০০ৰো অধিক প্ৰতিযোগীয়ে পঞ্জীয়ন কৰিছে। মুঠ ১৪টা ক্ৰীড়া শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায় ২ৰ পৰা ৮ নৱেম্বৰলৈ আৰু দ্বিতীয় পৰ্যায় ৯ৰ পৰা ১৪ নৱেম্বৰলৈ চলিব।

ৰাজ্যিক পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিয়াৰ লগতে দিব্যাংগ খেলুৱৈসকলকো ক্ৰীড়াৰ মূল সোঁতলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সকলোৰে অংশগ্ৰহণৰ জৰিয়তে ঐক্য, অন্তৰ্ভুক্তি আৰু ক্ৰীড়াসুলভ মনোভাৱ গঢ়ি তোলাতো বিশেষ গুৰুত্ব দিয়া হৈছে।