অসম

বেজৰ নাকতে খৰ! শিৱসাগৰত নথিৰ ম্যাদ উকলা আৰক্ষী-দণ্ডাধীশৰ বাহন; সদৰ থানাত অধিবক্তাৰ গোচৰ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰ সদৰ আৰক্ষী থানাত আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশে ব্যৱহাৰ কৰা চাৰিখন বাহনৰ নথিপত্ৰৰ বৈধতা উকলি যোৱাৰ অভিযোগ দাখিল কৰিছে অধিবক্তা অচ্যুত শৰ্মাই।

২ / ৫

শিৱসাগৰ, ২০ নৱেম্বৰ: ম্যাদ উকলা নথিপত্ৰেৰে আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশে ব্যৱহাৰ কৰা চাৰিখন চৰকাৰী বাহন চলি থকাৰ অভিযোগ উত্থাপন হৈছে।

৩ / ৫

এএছ০৩বিচি৮৯৪৪ নম্বৰৰ আৰক্ষীৰ ফৰ্চ ট্ৰেভেলাৰ বাহনখনৰ পাৰ্মিটৰ ম্যাদ ২০২৫ চনৰ ২৫ আগষ্টত, ফিটনেছৰ ম্যাদ ২০২৬ চনৰ ২৬ মাৰ্চত আৰু কৰ পৰিশোধৰ বৈধতা ২০২৬ চনৰ ৩০ জুনত উকলি যোৱা বুলি অভিযোগত উল্লেখ…

৪ / ৫

এএছ০৪এজি০২৬৬ নম্বৰৰ আন এখন আৰক্ষীৰ মহিন্দ্ৰা বলেৰ’ বাহনখনৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰৰ ম্যাদ ২০২৪ চনৰ ২৪ ডিচেম্বৰত উকলি যোৱা বুলি অভিযোগত উল্লেখ কৰা হৈছে।

৫ / ৫

অচ্যুত শৰ্মাই জনোৱা মতে, এম-পৰিবহণ এপৰ জৰিয়তে বাহনকেইখনৰ নথিপত্ৰ পৰীক্ষা কৰোঁতে এই তথ্য লাভ কৰিছে।

বেজৰ নাকতে খৰ! শিৱসাগৰত নথিৰ ম্যাদ উকলা আৰক্ষী-দণ্ডাধীশৰ বাহন; সদৰ থানাত অধিবক্তাৰ গোচৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক