শিৱসাগৰ, ২০ নৱেম্বৰ: ম্যাদ উকলা নথিপত্ৰেৰে আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশে ব্যৱহাৰ কৰা চাৰিখন চৰকাৰী বাহন চলি থকাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত শিৱসাগৰ বাৰ এছ’চিয়েচনৰ অধিবক্তা অচ্যুত শৰ্মাই শিৱসাগৰ সদৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে। এএছ০৪এজে০২৭৮ নম্বৰৰ আৰক্ষীৰ মহিন্দ্ৰা বলেৰ’ বাহনখনৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰৰ ম্যাদ ২০২৬ চনৰ ১৯ জুনত উকলি যোৱা বুলি উল্লেখ কৰা হৈছে অভিযোগনামাত। বাহনখনত নিয়ম উলংঘা কৰি বাম্পাৰ গাৰ্ড সংলগ্ন কৰা বুলিও অভিযোগ কৰা হৈছে।
এএছ০৩বিচি৮৯৪৪ নম্বৰৰ আৰক্ষীৰ ফৰ্চ ট্ৰেভেলাৰ বাহনখনৰ পাৰ্মিটৰ ম্যাদ ২০২৫ চনৰ ২৫ আগষ্টত, ফিটনেছৰ ম্যাদ ২০২৬ চনৰ ২৬ মাৰ্চত আৰু কৰ পৰিশোধৰ বৈধতা ২০২৬ চনৰ ৩০ জুনত উকলি যোৱা বুলি অভিযোগত উল্লেখ কৰা হৈছে। বাহনখনত অনুমোদনবিহীন অতিৰিক্ত লাইট সংলগ্ন কৰাৰ অভিযোগো আছে।
এএছ০৪এজি০২৬৬ নম্বৰৰ আন এখন আৰক্ষীৰ মহিন্দ্ৰা বলেৰ’ বাহনখনৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰৰ ম্যাদ ২০২৪ চনৰ ২৪ ডিচেম্বৰত উকলি যোৱা বুলি অভিযোগত উল্লেখ কৰা হৈছে। ইপিনে, কাৰ্যবাহী দণ্ডাধীশে ব্যৱহাৰ কৰা এএছ০৪এএল৭৫০২ নম্বৰৰ মহিন্দ্ৰা বলেৰ’ বাহনখনৰ বীমাৰ ম্যাদ ২০২৩ চনৰ ৫ মে’ত উকলি যোৱা বুলি অভিযোগপত্ৰত কোৱা হৈছে।
অচ্যুত শৰ্মাই জনোৱা মতে, এম-পৰিবহণ এপৰ জৰিয়তে বাহনকেইখনৰ নথিপত্ৰ পৰীক্ষা কৰোঁতে এই তথ্য লাভ কৰিছে। শিৱসাগৰত আৰক্ষী আৰু প্ৰশাসনে ব্যৱহাৰ কৰা ২০খনতকৈ অধিক বাহনৰ নথিপত্ৰৰ বৈধতা সন্দৰ্ভত তেওঁ পূৰ্বেও অভিযোগ দাখিল কৰিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ইতিবাচক সঁহাৰি পোৱা নাই বুলি তেওঁ অভিযোগ কৰে।
যান-বাহন আইন সকলোৰে বাবে সমান হ’ব লাগে। সাধাৰণ নাগৰিকৰ বাহনৰ নথিপত্ৰৰ ম্যাদ উকলিলে যদি জৰিমনা বিহা হয়, তেন্তে চৰকাৰী বাহনৰ ক্ষেত্ৰতো একেই আইন প্ৰযোজ্য হোৱা উচিত বুলি অচ্যুত শৰ্মাই কয়।
ইয়াৰ পূৰ্বেও তেওঁ জিলা পৰিবহণ বিষয়াৰ ওচৰত এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছিল বুলি জানিবলৈ দিছে।