বিমান বাতিল, উৰণত বিলম্ব আৰু পৰিচালনাগত বিসংগতিক লৈ স্পাইচজেটক সাত দিনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে ডিজিচিএই।
নতুন দিল্লী, ২০ নৱেম্বৰ: ধাৰাবাহিকভাৱে বিমান বাতিল, উৰণত বিলম্ব আৰু বিভিন্ন পৰিচালনাগত বিসংগতিৰ অভিযোগত স্পাইচজেটলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে।
সঞ্চালকালয়ৰ অভিযোগ, অনুমোদিত উৰণসূচী মানি চলাত ব্যৰ্থ হৈছে স্পাইচজেট।
জাননী অনুসৰি, স্পাইচজেটৰ অধিকাংশ বিমান বৰ্তমান উৰণৰ অনুপযোগী অৱস্থাত পৰি আছে।
বাধ্যতামূলক বীমা নৱীকৰণক লৈ অনিশ্চয়তা, সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক সময়মতে ধন পৰিশোধ নকৰা আৰু ইয়াৰ ফলত বিদেশী বিমান পৰিবহণ কৰ্তৃপক্ষই উত্থাপন কৰা উদ্বেগৰ কথাও জাননীত উল্লেখ কৰা হৈছে।
newznow.in