নতুন দিল্লী, ২০ নৱেম্বৰ: ধাৰাবাহিকভাৱে বিমান বাতিল, উৰণত বিলম্ব আৰু বিভিন্ন পৰিচালনাগত বিসংগতিৰ অভিযোগত স্পাইচজেটলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে। ১৭ নৱেম্বৰত জাৰি কৰা জাননীৰ উত্তৰ সাত দিনৰ ভিতৰত দাখিল কৰিবলৈ বিমান সংস্থাটোক নিৰ্দেশ দিয়া হৈছে।

সঞ্চালকালয়ৰ অভিযোগ, অনুমোদিত উৰণসূচী মানি চলাত ব্যৰ্থ হৈছে স্পাইচজেট। সময়মতে উৰণৰ হাৰ হ্ৰাস, বিমান বিলম্ব আৰু ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বাতিলৰ ঘটনাই যাত্ৰীসকলক অসুবিধাত পেলাইছে। যাত্ৰীসকলক প্ৰয়োজনীয় সুবিধা প্ৰদানৰ ক্ষেত্ৰতো ত্ৰুটি ধৰা পৰিছে বুলি জাননীত কোৱা হৈছে।

জাননী অনুসৰি, স্পাইচজেটৰ অধিকাংশ বিমান বৰ্তমান উৰণৰ অনুপযোগী অৱস্থাত পৰি আছে। এই বিমানসমূহ পুনৰ সেৱাত নিয়োজিত কৰাৰ বাবে সংস্থাটোৱে কোনো বিশ্বাসযোগ্য পৰিকল্পনাও দাখিল কৰা নাই।

বাধ্যতামূলক বীমা নৱীকৰণক লৈ অনিশ্চয়তা, সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক সময়মতে ধন পৰিশোধ নকৰা আৰু ইয়াৰ ফলত বিদেশী বিমান পৰিবহণ কৰ্তৃপক্ষই উত্থাপন কৰা উদ্বেগৰ কথাও জাননীত উল্লেখ কৰা হৈছে। পূৰ্বে আৰোপ কৰা জৰিমনাৰ ধন বাৰে বাৰে সোঁৱৰাই দিয়াৰ পাছতো কিয় পৰিশোধ কৰা হোৱা নাই, তাৰ ব্যাখ্যা বিচৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা চলোৱাৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ চৰ্ত পূৰণ নকৰা আৰু ৰুট ডিছপাৰ্ছেল নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগো স্পাইচজেটৰ বিৰুদ্ধে উত্থাপন হৈছে। এই সন্দৰ্ভত পূৰ্বেও ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মে' মাহত জৰিমনা বিহা হৈছিল বুলি জাননীত উল্লেখ কৰা হৈছে।

ইফালে, ১৮ নৱেম্বৰত স্পাইচজেটৰ পৰিচালনা পৰিষদে বিত্তীয় অৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে সৰ্বাধিক ৫,৫০০ কোটি টকা সংগ্ৰহৰ প্ৰস্তাৱত অনুমোদন জনায়। আগষ্টত ১.২ শতাংশ থকা সংস্থাটোৰ বজাৰ অংশীদাৰিত্ব ছেপ্টেম্বৰত ০.৬ শতাংশলৈ হ্ৰাস পাইছে। শুকুৰবাৰে দিল্লী বিমানবন্দৰ পৰিচালনাকাৰী সংস্থা ডায়েলে সামাজিক মাধ্যমযোগে জনায় যে, স্পাইচজেটৰ পৰিচালনাগত সমস্যাৰ বাবে একেৰাহে দ্বিতীয় দিনাও কিছুমান উৰণত প্ৰভাৱ পৰিব পাৰে। জাননী সন্দৰ্ভত স্পাইচজেটৰ পৰা তাৎক্ষণিকভাৱে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা নাই।