ক্ৰীড়া

প্ৰাক্তন স্বামীৰ মানহানিৰ গোচৰত মেৰী কমলৈ আদালতৰ জাননী

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰখ্যাত বক্সাৰ মেৰী কমৰ বিৰুদ্ধে প্ৰাক্তন স্বামী কেৰং অনলাৰে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত জাননী জাৰি কৰিছে ছাকেত আদালতে।

২ / ৫

নতুন দিল্লী: অলিম্পিক পদক বিজয়ী প্ৰখ্যাত বক্সাৰ মেৰী কমৰ বিৰুদ্ধে দাখিল হোৱা অপৰাধমূলক মানহানিৰ এক গোচৰত দিল্লীৰ ছাকেত আদালতে জাননী জাৰি কৰিছে।

৩ / ৫

শুকুৰবাৰে আদালতত কেৰং অনলাৰ আৰু আন কেইবাগৰাকীও সাক্ষীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰে।

৪ / ৫

ইয়াৰ পূৰ্বে মেৰী কমে প্ৰাক্তন স্বামীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

৫ / ৫

অৱশ্যে মেৰী কমৰ এই সকলো অভিযোগ ভিত্তিহীন বুলি দাবী কৰি আহিছে অনলাৰে।

প্ৰাক্তন স্বামীৰ মানহানিৰ গোচৰত মেৰী কমলৈ আদালতৰ জাননী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক