নতুন দিল্লী: অলিম্পিক পদক বিজয়ী প্ৰখ্যাত বক্সাৰ মেৰী কমৰ বিৰুদ্ধে দাখিল হোৱা অপৰাধমূলক মানহানিৰ এক গোচৰত দিল্লীৰ ছাকেত আদালতে জাননী জাৰি কৰিছে। মেৰী কমৰ প্ৰাক্তন স্বামী কেৰং অনলাৰে দাখিল কৰা এই গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ২১ ডিচেম্বৰত অনুষ্ঠিত হ'ব।

শুকুৰবাৰে আদালতত কেৰং অনলাৰ আৰু আন কেইবাগৰাকীও সাক্ষীয়ে নিজৰ বক্তব্য লিপিবদ্ধ কৰে। টেলিভিছন অনুষ্ঠান আৰু বিভিন্ন ৰাজহুৱা মঞ্চত মেৰী কমে অপমানজনক মন্তব্য কৰি তেওঁৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰা বুলি অনলাৰে অভিযোগ তুলিছে।

ইয়াৰ পূৰ্বে মেৰী কমে প্ৰাক্তন স্বামীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। বক্সিং কেৰিয়াৰৰ জৰিয়তে উপাৰ্জন কৰা কোটি কোটি টকা অনলাৰে আত্মসাৎ কৰাৰ লগতে তেওঁৰ নামত ঋণ লোৱা, সম্পত্তি বন্ধকত ৰখা আৰু সন্মতি নোলোৱাকৈ নিজৰ নামলৈ হস্তান্তৰ কৰা বুলি মেৰী কমে দাবী কৰিছিল।

অৱশ্যে মেৰী কমৰ এই সকলো অভিযোগ ভিত্তিহীন বুলি দাবী কৰি আহিছে অনলাৰে। তেওঁ কেতিয়াও মেৰী কমৰ ব্যক্তিগত দুৰ্বলতা ৰাজহুৱা কৰা নাই বুলি উল্লেখ কৰি কয় যে বক্সাৰগৰাকীয়ে তেওঁক ৰাজহুৱাভাৱে বদনাম কৰিবলৈহে চেষ্টা চলাইছে।

২০০৫ চনত মেৰী কম আৰু কেৰং অনলাৰ বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ চাৰিটা সন্তান আছে। কিন্তু দীৰ্ঘদিনীয়া পাৰিবাৰিক মতানৈক্যৰ ফলত ২০২৩ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটে। আদালতৰ এই গোচৰটো দুয়োৰে মাজত চলি থকা ৰাজহুৱা বিবাদৰ শেহতীয়া পৰ্যায় হিচাপে বিবেচিত হৈছে।