অসম

মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান, বহু বাহন জব্দ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে কঠোৰ অভিযান।

২ / ৫

মাৰ্ঘেৰিটা, তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে চলাচল কৰা ই-ৰিক্সাসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে শুকুৰবাৰৰ পৰা এক তীব্ৰ অভিযান আৰম্ভ কৰিছে।

৩ / ৫

মূলতঃ যান-যঁতৰ সমস্যা দূৰ কৰি যাতায়াত ব্যৱস্থা সুচল ৰখা, পথ দুৰ্ঘটনা ৰোধ কৰা আৰু চৰকাৰী নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ উদ্দেশ্যেই আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

৪ / ৫

জৰিমনা আৰু আইনী ব্যৱস্থাৰ পৰা আঁতৰি থাকিবলৈ ই-ৰিক্সা চালকসকলক ৰাষ্ট্ৰীয় ঘাইপথত বাহন নচলাই কেৱল নিৰ্ধাৰিত পথসমূহ ব্যৱহাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে কঠোৰ সকীয়নি দিছে।

৫ / ৫

ইয়াৰ উপৰি চালকৰ অনুজ্ঞাপত্ৰ নথকা, কম বয়সীয়া চালকে বাহন চলোৱা আৰু বীমা অবিহনে পথলৈ উলিওৱা বাহনসমূহৰ বিৰুদ্ধেও মাৰ্ঘেৰিটা আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান, বহু বাহন জব্দ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক