মাৰ্ঘেৰিটা, তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে চলাচল কৰা ই-ৰিক্সাসমূহৰ বিৰুদ্ধে আৰক্ষীয়ে শুকুৰবাৰৰ পৰা এক তীব্ৰ অভিযান আৰম্ভ কৰিছে। যান-বাহন আইন উলংঘা কৰি ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বহুসংখ্যক ই-ৰিক্সা ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে।
মূলতঃ যান-যঁতৰ সমস্যা দূৰ কৰি যাতায়াত ব্যৱস্থা সুচল ৰখা, পথ দুৰ্ঘটনা ৰোধ কৰা আৰু চৰকাৰী নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ উদ্দেশ্যেই আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীৰ এই আকস্মিক পদক্ষেপে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলৰ নিয়ম ভংগকাৰী চালকসকলৰ মাজত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
জৰিমনা আৰু আইনী ব্যৱস্থাৰ পৰা আঁতৰি থাকিবলৈ ই-ৰিক্সা চালকসকলক ৰাষ্ট্ৰীয় ঘাইপথত বাহন নচলাই কেৱল নিৰ্ধাৰিত পথসমূহ ব্যৱহাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে কঠোৰ সকীয়নি দিছে।
ইয়াৰ উপৰি চালকৰ অনুজ্ঞাপত্ৰ নথকা, কম বয়সীয়া চালকে বাহন চলোৱা আৰু বীমা অবিহনে পথলৈ উলিওৱা বাহনসমূহৰ বিৰুদ্ধেও মাৰ্ঘেৰিটা আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।