শিৱসাগৰত যমুনাৰ বক্ষত বেদখল, আৱৰ্জনা পেলোৱা আৰু ছাগলী কটাৰ ঠাই গঢ়ি তোলাৰ অভিযোগ কৰিছে আটাছুৰ সভাপতি বসন্ত গগৈয়ে।
শিৱসাগৰ: শিৱসাগৰৰ যমুনা অঞ্চলত বেদখল আৰু আৱৰ্জনা পেলোৱাৰ অভিযোগ তুলি আটাছুৰ সভাপতি বসন্ত গগৈয়ে সোমবাৰে ক'লে, প্ৰশাসনৰ উদাসীনতাৰ প্ৰতিবাদত ৬ তাৰিখে বন্ধ পালন কৰা হ'ব।
গগৈয়ে অভিযোগ কৰে যে যমুনাৰ বক্ষত একাংশ লোকে ছাগলী কটা ঠাই গঢ়ি তুলিছে।
এই সন্দৰ্ভত প্ৰশাসন, চৰকাৰ আৰু শিৱসাগৰৰ স্থানীয় বিধায়কক জনোৱা হৈছিল যদিও কোনো ব্যৱস্থা লোৱা নাই বুলি গগৈয়ে ক'লে।
যমুনা উচ্ছেদৰ বিষয়টো বানপানীৰ সমস্যাৰ পৰা দৃষ্টি আঁতৰোৱাৰ চেষ্টা বুলি সামাজিক মাধ্যমত উঠা মন্তব্য নাকচ কৰে আটাছু সভাপতিগৰাকীয়ে।
newznow.in