শিৱসাগৰ: শিৱসাগৰৰ যমুনা অঞ্চলত বেদখল আৰু আৱৰ্জনা পেলোৱাৰ অভিযোগ তুলি আটাছুৰ সভাপতি বসন্ত গগৈয়ে সোমবাৰে ক'লে, প্ৰশাসনৰ উদাসীনতাৰ প্ৰতিবাদত ৬ তাৰিখে বন্ধ পালন কৰা হ'ব।

গগৈয়ে অভিযোগ কৰে যে যমুনাৰ বক্ষত একাংশ লোকে ছাগলী কটা ঠাই গঢ়ি তুলিছে। তাত মল-মূত্ৰ আৰু ছাগলী কটাৰ আৱৰ্জনা যমুনাত পেলোৱা হৈছে বুলিও তেওঁ অভিযোগ কৰে।

এই সন্দৰ্ভত প্ৰশাসন, চৰকাৰ আৰু শিৱসাগৰৰ স্থানীয় বিধায়কক জনোৱা হৈছিল যদিও কোনো ব্যৱস্থা লোৱা নাই বুলি গগৈয়ে ক'লে। প্ৰশাসন, চৰকাৰ আৰু স্থানীয় বিধায়কৰ অমনোযোগিতা আৰু নিৰ্লিপ্ততাৰ বাবেই এই পৰিস্থিতি চলি আছে বুলি তেওঁ অভিযোগ কৰে।

যমুনা উচ্ছেদৰ বিষয়টো বানপানীৰ সমস্যাৰ পৰা দৃষ্টি আঁতৰোৱাৰ চেষ্টা বুলি সামাজিক মাধ্যমত উঠা মন্তব্য নাকচ কৰে আটাছু সভাপতিগৰাকীয়ে। তেওঁ ক'লে, বানপানীক লৈও সংগঠনটোৱে প্ৰতিবাদ কৰি আহিছে আৰু ক্ষতিগ্ৰস্ত ৰাইজে সহায় নোপোৱাৰ কথা গম পালে পুনৰ আন্দোলন কৰিব।

বিজেপি, কংগ্ৰেছ বা ৰাইজৰ দল—কোনো ৰাজনৈতিক দলৰ পক্ষত আটাছু নাই বুলি দাবী কৰি গগৈয়ে ক'লে, সংগঠনটো ৰাইজ আৰু ঐতিহ্যৰ পক্ষত আছে। যমুনাৰ ঐতিহ্য বিজ্ঞানসন্মতভাৱে সংৰক্ষণ নোহোৱালৈকে আন্দোলন স্তিমিত নহ'ব আৰু অব্যাহত থাকিব বুলিও তেওঁ জনায়।

প্ৰশাসনে ব্যৱস্থা নল'লে সংগঠনে অধিক কঠোৰ পদক্ষেপ ল'ব বুলিও গগৈয়ে হুংকাৰ দিয়ে। শিৱসাগৰৰ ডিচি আৰু এডিচিৰ ওপৰত কোনোবাই ফোনেৰে চাপ দি ঠিকাদাৰৰ সৈতে আলোচনা কৰোৱাৰ চেষ্টা চলাইছে বুলিও তেওঁ অভিযোগ কৰে।