তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা এখন যাত্ৰীবাহী বাছৰ চালকে হেলমেট নিপিন্ধাৰ অভিযোগত ১,০০০ টকাৰ জৰিমনা ভৰিবলগীয়া হোৱা ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে।
বাছখনৰ মালিকে পৰৱৰ্তী সময়ত জৰিমনাৰ ধন পৰিশোধ কৰিবলৈ লওঁতেই চালানখনত উল্লেখ থকা অপৰাধৰ বিৱৰণ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে।
এই অদ্ভুত ই-চালানক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, বাছখনৰ বিৰুদ্ধে জাৰি কৰা ই-চালানখনত যান-বাহন আইন উলংঘাৰ কাৰণ হিচাপে চালকে হেলমেট পৰিধান নকৰাৰ কথা উল্লেখ কৰা হয়।
সেই অভিযোগৰ ভিত্তিত বাছখনৰ নামত ১,০০০ টকাৰ জৰিমনা আৰোপ কৰা হৈছে।
newznow.in