তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা এখন যাত্ৰীবাহী বাছৰ চালকে হেলমেট পৰিধান নকৰাৰ অভিযোগত ১,০০০ টকাৰ জৰিমনা ভৰিবলগীয়া হোৱা ঘটনাই তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, বাছখনৰ বিৰুদ্ধে জাৰি কৰা ই-চালানখনত যান-বাহন আইন উলংঘাৰ কাৰণ হিচাপে চালকে হেলমেট পৰিধান নকৰাৰ কথা উল্লেখ কৰা হয়। সেই অভিযোগৰ ভিত্তিত বাছখনৰ নামত ১,০০০ টকাৰ জৰিমনা আৰোপ কৰা হৈছে।

বাছখনৰ মালিকে পৰৱৰ্তী সময়ত জৰিমনাৰ ধন পৰিশোধ কৰিবলৈ লওঁতেই চালানখনত উল্লেখ থকা অপৰাধৰ বিৱৰণ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে। এখন চাৰিচকীয়া যাত্ৰীবাহী বাছৰ চালকে হেলমেট নিপিন্ধাৰ বাবে জৰিমনা বিহা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে।

এই অদ্ভুত ই-চালানক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এখন যাত্ৰীবাহী বাছৰ ক্ষেত্ৰত হেলমেট নিপিন্ধাৰ অভিযোগ কেনেকৈ উত্থাপন হ'ল, সেয়া যান-বাহন বিভাগৰ কোনো কাৰিকৰী বিসংগতি নে আন কাৰণত সংঘটিত হ'ল, সেই সন্দৰ্ভত এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই।