মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পাৰিবাৰিক হিংসাৰ ঘটনা।
ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামী মদ, ভাং আৰু ড্ৰাগছ সেৱনত আসক্ত।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নিচাজাতীয় সামগ্ৰী সেৱন কৰিবলৈ ধন নিদিয়াৰ বাবেই নিজ পত্নীৰ ওপৰত আক্ৰমণ চলাই নাক কাটি দিয়াৰ অভিযোগ উত্থাপন হৈছে এজন লোকৰ বিৰুদ্ধে।
মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শগুণবাহি গাঁৱত সংঘটিত এই ঘটনাত অভিযুক্ত স্বামীজনৰ নাম ইকবাল হুছেইন আৰু ভুক্তভোগী মহিলাগৰাকী ফুলেচা বেগম।
newznow.in