মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পাৰিবাৰিক হিংসাৰ ঘটনা। নিচাজাতীয় সামগ্ৰী সেৱন কৰিবলৈ ধন নিদিয়াৰ বাবেই নিজ পত্নীৰ ওপৰত আক্ৰমণ চলাই নাক কাটি দিয়াৰ অভিযোগ উত্থাপন হৈছে এজন লোকৰ বিৰুদ্ধে। মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শগুণবাহি গাঁৱত সংঘটিত এই ঘটনাত অভিযুক্ত স্বামীজনৰ নাম ইকবাল হুছেইন আৰু ভুক্তভোগী মহিলাগৰাকী ফুলেচা বেগম। তিনি সন্তানৰ মাতৃ ফুলেচা বেগমে দীৰ্ঘদিন ধৰি স্বামীৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈ অহা বুলি অভিযোগ কৰিছে।
ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামী মদ, ভাং আৰু ড্ৰাগছ সেৱনত আসক্ত। নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁ প্ৰায়ে পত্নীৰ পৰা ধন বিচাৰে। পত্নীয়ে ধন দিবলৈ অস্বীকাৰ কৰিলেই তেওঁক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হয়। এইবাৰো নিচা কৰিবলৈ ধন নিদিয়াৰ বাবেই স্বামী ইকবাল হুছেইনে তেওঁৰ ওপৰত আক্ৰমণ চলাই নাক কাটি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ফুলেচা বেগমে।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ভুক্তভোগী ফুলেচা বেগমে স্বামীৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ পৰৱৰ্তী ব্যৱস্থা সম্পৰ্কে অৱশ্যে কোনো তথ্য লাভ কৰা হোৱা নাই।