দেৱৰ্ষি ভৰালীৰ এগৰাকী বন্ধুৱে অভিযুক্তক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰিছে।
মঙলবাৰে দেৱৰ্ষি ভৰালীৰ এগৰাকী বন্ধুৱে ঘটনাটোৰ অভিযুক্তক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰে।
বন্ধুগৰাকীৰ দাবী অনুসৰি, দেৱৰ্ষি ভৰালীৰ পৰিয়ালত এতিয়া কোনো ডাঙৰ সদস্য নাই; দুটা শিশুহে আছে।
ঘটনাটোক পূৰ্বপৰিকল্পিত বুলি সন্দেহ প্ৰকাশ কৰি তেওঁ অভিযোগ কৰে যে, অভিযুক্তই এটা হোটেল ভাড়াত লৈ দীৰ্ঘদিন ধৰি ভাড়া আৰু পানীৰ বিল আদায় দিয়া নাছিল।
তেওঁৰ দাবী, অভিযুক্তজন ৩২ বছৰ বয়সৰ আৰু কোনো ডাঙৰ ব্যৱসায়ী নহয়।
newznow.in