মঙলবাৰে দেৱৰ্ষি ভৰালীৰ এগৰাকী বন্ধুৱে ঘটনাটোৰ অভিযুক্তক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰে। আইনী মেৰপেচৰ বাবে শাস্তি দিব নোৱাৰিলে অভিযুক্তক ৰাইজৰ হাতত এৰি দিয়াৰো হুংকাৰ দিয়া হয়।
বন্ধুগৰাকীৰ দাবী অনুসৰি, দেৱৰ্ষি ভৰালীৰ পৰিয়ালত এতিয়া কোনো ডাঙৰ সদস্য নাই; দুটা শিশুহে আছে। সেয়েহে পৰিয়ালটোক বৰপেটালৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জনায়।
ঘটনাটোক পূৰ্বপৰিকল্পিত বুলি সন্দেহ প্ৰকাশ কৰি তেওঁ অভিযোগ কৰে যে, অভিযুক্তই এটা হোটেল ভাড়াত লৈ দীৰ্ঘদিন ধৰি ভাড়া আৰু পানীৰ বিল আদায় দিয়া নাছিল। ভাড়াৰ কথা সোধাত হোটেলৰ মালিকক মাতি আনি হত্যা কৰাৰ অভিযোগো তেওঁ তোলে।
তেওঁৰ দাবী, অভিযুক্তজন ৩২ বছৰ বয়সৰ আৰু কোনো ডাঙৰ ব্যৱসায়ী নহয়। সংবাদ মাধ্যমৰ নাম ব্যৱহাৰ কৰি ঘূৰি ফুৰা এজন ঠগবাজ বুলি তেওঁ অভিযোগ কৰে।
অভিযুক্তই কেনেকৈ বন্দুকৰ লাইচেন্স লাভ কৰিলে, সেয়া তদন্তৰ আওতালৈ অনাৰ দাবীও উত্থাপন কৰা হয়। নাগালেণ্ডৰ বা আন যিকোনো ঠাইৰ লাইচেন্স হওক, বিষয়টোৰ বিস্তৃত তদন্ত হ’ব লাগে বুলি বন্ধুগৰাকীয়ে কয়।
ঘটনাটোৰ সময় নিশা ৯ বজাৰ আশে-পাশে বুলি উল্লেখ কৰি আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন তোলা হয়। আৰক্ষী, প্ৰশাসন আৰু আইনৰ প্ৰতি অপৰাধীৰ ভয় কমি যোৱাৰ অভিযোগ কৰি তেওঁ কয়, এনে অপৰাধ যাতে পুনৰ নঘটে তাৰ বাবে কঠোৰ শাস্তিৰ দৃষ্টান্ত স্থাপন কৰিব লাগে।
অসম আৰক্ষীক উদ্দেশ্য কৰি অভিযুক্তক এনকাউণ্টাৰ কৰাৰ দাবী জনোৱা হয়। সেয়া সম্ভৱ নহ’লে আইনী নিয়মৰ বাধা দেখুৱাই অভিযুক্তক বাহিৰলৈ উলিয়াই দিবলৈ কোৱা হয়; তেতিয়া নিজে ন্যায় দিব বুলি বন্ধুগৰাকীয়ে হুংকাৰ দিয়ে।