ছিয়াং প্ৰকল্পত ক্ষতিগ্ৰস্তসকলক দেশৰ ভিতৰতে সৰ্বোত্তম পুনৰ্সংস্থাপন পেকেজ দিয়াৰ লগতে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা হ'ব বুলি জনালে গৃহমন্ত্ৰী অমিত শ্বাহে।
বান্দৰদেৱা, ২১ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ছিয়াং আপাৰ বহুমুখী প্ৰকল্পক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হোৱা উদ্বেগৰ মাজতে এক গুৰুত্বপূৰ্ণ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী…
অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্থানীয় জনসাধাৰণৰ সৈতে ইতিবাচক আলোচনা আৰু পৰামৰ্শৰ জৰিয়তেহে প্ৰকল্পটো…
ছিয়াং অঞ্চলৰ ৰাইজৰ শংকাৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে স্থানীয় লোকসকলৰ সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাৰ প্ৰতি চৰকাৰে সম্পূৰ্ণ সন্মান প্ৰদৰ্শন কৰিব।
গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে দেশৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু অৰুণাচল প্ৰদেশৰ ৰাজহ বৃদ্ধিৰ বাবে এই ছিয়াং প্ৰকল্প অতি গুৰুত্বপূৰ্ণ।
newznow.in