বান্দৰদেৱা, ২১ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ছিয়াং আপাৰ বহুমুখী প্ৰকল্পক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হোৱা উদ্বেগৰ মাজতে এক গুৰুত্বপূৰ্ণ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰকল্পটোৰ ফলত ক্ষতিগ্ৰস্ত হ'বলগীয়া লোকসকলক সমগ্ৰ দেশৰ ভিতৰতে সৰ্বোত্তম পুনৰ্সংস্থাপন পেকেজ প্ৰদান কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে।

অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্থানীয় জনসাধাৰণৰ সৈতে ইতিবাচক আলোচনা আৰু পৰামৰ্শৰ জৰিয়তেহে প্ৰকল্পটো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ৰাইজৰ মতামতক অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

ছিয়াং অঞ্চলৰ ৰাইজৰ শংকাৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে স্থানীয় লোকসকলৰ সাংস্কৃতিক পৰিচয় আৰু পৰম্পৰাৰ প্ৰতি চৰকাৰে সম্পূৰ্ণ সন্মান প্ৰদৰ্শন কৰিব। পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

“এই প্ৰকল্প সন্দৰ্ভত ইতিবাচক আলোচনা আৰু পৰামৰ্শৰ মাজেৰেহে আমি আগবাঢ়িম। আলোচনাৰ জৰিয়তেহে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ম। আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই।”

গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে দেশৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু অৰুণাচল প্ৰদেশৰ ৰাজহ বৃদ্ধিৰ বাবে এই ছিয়াং প্ৰকল্প অতি গুৰুত্বপূৰ্ণ। কৌশলগত দিশৰ পৰাও এই প্ৰকল্পৰ বিশেষ তাৎপৰ্য আছে বুলি তেওঁ কয়।

উল্লেখ্য যে ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন এই প্ৰস্তাৱিত প্ৰকল্পটোক লৈ ছিয়াং অঞ্চলৰ একাংশ সংগঠন আৰু স্থানীয় ৰাইজে আপত্তি প্ৰকাশ কৰি আহিছে। প্ৰকল্পটো ৰূপায়ণ হ'লে গাঁও স্থানান্তৰিত হোৱা, পূৰ্বপুৰুষৰ ভেটি হেৰুওৱা, জনবসতি জলমগ্ন হোৱা আৰু খিলঞ্জীয়া লোকৰ সাংস্কৃতিক পৰিচয়ত আঘাত পৰাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে।

চীনৰ য়াৰলুং ছাংপো নদীত নিৰ্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পৰ পৰিপ্ৰেক্ষিততো ছিয়াং প্ৰকল্পৰ কৌশলগত গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। চীনৰ এই য়াৰলুং ছাংপো নদীখনেই অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত ছিয়াং নামেৰে পৰিচিত হয়।