অসমৰ মাছৰ বজাৰত খিলঞ্জীয়াৰ নিয়ন্ত্ৰণ নিশ্চিত কৰাৰ লগতে মৎস্য খণ্ডক আত্মনিৰ্ভৰশীল কৰাৰ আহ্বান জনালে সাংসদ দিলীপ শইকীয়াই।
গুৱাহাটী, ২১ নৱেম্বৰঃ অসমৰ মৎস্য উৎপাদন আৰু বিপণন ব্যৱস্থাত খিলঞ্জীয়া লোকৰ অধিক অংশগ্ৰহণ আৰু নেতৃত্ব নিশ্চিত কৰাৰ আহ্বান জনাইছে অসম প্ৰদেশ BJPৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই।
বিশ্ব মৎস্য দিৱস উপলক্ষে শনিবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত BJPৰ মৎস্যজীৱী কোষৰ উদ্যোগত আয়োজিত বিশেষ অনুষ্ঠানত ভাষণ দি দিলীপ শইকীয়াই কয় যে অসমৰ মাছৰ বজাৰখন ক্ৰমাৎ খিলঞ্জীয়া লোকৰ…
তেওঁ অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ ঐতিহাসিক আহ্বান ‘পথাৰো আমাৰ, বজাৰো আমাৰ’ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মৎস্য উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰতো সামূহিক অৰ্থনৈতিক জাগৰণ গঢ়ি তুলিবলৈ আহ্বান জনায়।
দিলীপ শইকীয়াই লগতে কয় যে অসমৰ মৎস্য খণ্ডৰ সম্ভাৱনা কেৱল খাদ্য হিচাপে ব্যৱহৃত মাছৰ উৎপাদনতে সীমাবদ্ধ নহয়।
newznow.in