গুৱাহাটী, ২১ নৱেম্বৰঃ অসমৰ মৎস্য উৎপাদন আৰু বিপণন ব্যৱস্থাত খিলঞ্জীয়া লোকৰ অধিক অংশগ্ৰহণ আৰু নেতৃত্ব নিশ্চিত কৰাৰ আহ্বান জনাইছে অসম প্ৰদেশ BJPৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। ৰাজ্যখনক মাছ উৎপাদনত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে মৎস্য খণ্ডক খিলঞ্জীয়া যুৱক-যুৱতী, মহিলা আৰু গ্ৰাম্য উদ্যোগীসকলৰ বাবে লাভজনক জীৱিকাৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

বিশ্ব মৎস্য দিৱস উপলক্ষে শনিবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত BJPৰ মৎস্যজীৱী কোষৰ উদ্যোগত আয়োজিত বিশেষ অনুষ্ঠানত ভাষণ দি দিলীপ শইকীয়াই কয় যে অসমৰ মাছৰ বজাৰখন ক্ৰমাৎ খিলঞ্জীয়া লোকৰ হাতৰ পৰা বিদেশীমূলৰ লোকৰ নিয়ন্ত্ৰণলৈ যোৱাটো উদ্বেগজনক বিষয়। এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাই মাছৰ উৎপাদন, সংৰক্ষণ, পৰিবহণ, প্ৰক্ৰিয়াকৰণ আৰু বিপণনৰ সমগ্ৰ ব্যৱস্থাত খিলঞ্জীয়া লোকৰ সক্ৰিয় অংশগ্ৰহণ আৰু নেতৃত্ব নিশ্চিত কৰিব লাগিব।

তেওঁ অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ ঐতিহাসিক আহ্বান ‘পথাৰো আমাৰ, বজাৰো আমাৰ’ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মৎস্য উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰতো সামূহিক অৰ্থনৈতিক জাগৰণ গঢ়ি তুলিবলৈ আহ্বান জনায়।

দিলীপ শইকীয়াই লগতে কয় যে অসমৰ মৎস্য খণ্ডৰ সম্ভাৱনা কেৱল খাদ্য হিচাপে ব্যৱহৃত মাছৰ উৎপাদনতে সীমাবদ্ধ নহয়। আলংকাৰিক মাছৰ উৎপাদন, উন্নত প্ৰজাতিৰ পোনা উৎপাদন, আধুনিক মৎস্যপালন, মাছৰ খাদ্য প্ৰস্তুতকৰণ, শীতলীকৰণ ব্যৱস্থা আৰু মূল্য সংযোজিত সামগ্ৰীৰ উৎপাদনৰ জৰিয়তেও বৃহৎ পৰিসৰত উদ্যোগ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰি। এই প্ৰসংগত গৰুখুঁটি প্ৰকল্পত আলংকাৰিক মাছ উৎপাদনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰে।

১০ বছৰত মাছৰ উৎপাদন ৮৮.৪৪ শতাংশ বৃদ্ধি

প্ৰেছ-বিবৃতিত উল্লেখ কৰা অনুসৰি, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত বছৰসমূহত অসমৰ মৎস্য খণ্ডত উল্লেখনীয় অগ্ৰগতি হৈছে। ২০১৫-১৬ বিত্তীয় বৰ্ষত ৰাজ্যখনত মাছৰ উৎপাদন আছিল ২.৯৪ লাখ মেট্ৰিক টন। ২০২৫-২৬ বিত্তীয় বৰ্ষত এই পৰিমাণ ৫.৫৪ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। অৰ্থাৎ ১০ বছৰত মাছৰ উৎপাদন ২.৬০ লাখ মেট্ৰিক টন বৃদ্ধি পোৱাৰ লগতে সামগ্ৰিক বৃদ্ধিৰ হাৰ হৈছে ৮৮.৪৪ শতাংশ।

২০২৬-২৭ বিত্তীয় বৰ্ষত মাছৰ উৎপাদন ৫.৭২ লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

মাছ অসমৰ খাদ্যাভ্যাস, সংস্কৃতি, গ্ৰাম্য অৰ্থনীতি আৰু সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। ৰাজ্যখনৰ প্ৰায় ৯০ শতাংশ লোকৰ খাদ্যাভ্যাসত মাছৰ গুৰুত্বপূৰ্ণ স্থান আছে। সেয়েহে মৎস্য খণ্ডক খাদ্য উৎপাদনৰ পৰম্পৰাগত ক্ষেত্ৰ হিচাপে নহয়, বৰং গ্ৰাম্য জীৱিকা, পুষ্টি সুৰক্ষা, ক্ষুদ্ৰ উদ্যোগ আৰু স্থানীয় বজাৰ ব্যৱস্থাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক খণ্ড হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা বিবৃতিটোত উল্লেখ কৰা হৈছে।

কেন্দ্ৰ-ৰাজ্যৰ বিভিন্ন আঁচনিৰ জৰিয়তে মৎস্য খণ্ডৰ উন্নয়নৰ পদক্ষেপ

অসমক মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি ৰূপায়ণ কৰি আহিছে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, SOPDৰ অধীনত দহখন জিলাত ক্লাষ্টাৰভিত্তিক মৎস্য উৎপাদন আৰু বিশ্ববেংকৰ সাহায্যপ্ৰাপ্ত অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ কথা উল্লেখ কৰা হৈছে।

এই আঁচনিসমূহৰ জৰিয়তে আধুনিক মৎস্যপালন, উন্নত পোনা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, উৎপাদন ব্যয় হ্ৰাস, মৎস্যপালকৰ আয় বৃদ্ধি, বজাৰ সংযোগ শক্তিশালীকৰণ আৰু মৎস্যভিত্তিক উদ্যোগৰ সম্প্ৰসাৰণত গুৰুত্ব দিয়া হৈছে।

আনহাতে, অসমৰ নদ-নদী, বিল-জলাশয় আৰু পুখুৰীসমূহৰ বৈজ্ঞানিক তথা বহনক্ষম ব্যৱহাৰৰ জৰিয়তে অধিক উৎপাদন আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনাৰ কথাও অনুষ্ঠানত আলোচনা কৰা হয়।

বিশ্ব মৎস্য দিৱসৰ এইবাৰৰ মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি মৎস্য খণ্ডত মহিলা আৰু যুৱ উদ্যোগীসকলৰ অংশগ্ৰহণ বৃদ্ধি, আধুনিক প্ৰশিক্ষণ, বিত্তীয় সহায় আৰু বজাৰ সংযোগ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মীন মন্ত্ৰী নীলিমা দেৱী, BJPৰ বিভিন্ন বিভাগ আৰু কোষৰ ৰাষ্ট্ৰীয় সহ-আহ্বায়ক বিষ্ণু বৰ্ধন ৰেষ্ট্ৰী, সাংসদ তেৰছ গোৱালা আৰু সমল ব্যক্তি তথা ৰাজ্যিক মীন তথ্য বিষয়া ড০ ধ্ৰুৱজ্যোতি শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মৎস্যপালকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ শেষত অসমৰ মৎস্য খণ্ডক অধিক উৎপাদনশীল, আধুনিক আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে ইয়াৰ অৰ্থনৈতিক সুফল যাতে খিলঞ্জীয়া মৎস্যপালক, ক্ষুদ্ৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু মহিলা উদ্যোগীসকলে অধিক পৰিমাণে লাভ কৰিব পাৰে, তাৰ বাবে একত্ৰিতভাৱে কাম কৰাৰ আহ্বান জনোৱা হয়।