‘নকল সংসদতে প্ৰধানমন্ত্ৰী হওক’-নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন আৰু EVMক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে অমিত শ্বাহৰ এই মন্তব্যই নতুন ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।
২ নৱেম্বৰ: কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লৈ পুনৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
সোমবাৰে হায়দৰাবাদত বিজেপিৰ ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ পদযাত্ৰাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অমিত শ্বাহে।
দুদিন পূৰ্বে দিল্লীত বিৰোধী দলসমূহে আয়োজন কৰা প্ৰতীকী সংসদৰ কাৰ্যসূচীক লৈ ৰাহুল গান্ধীক কটাক্ষ কৰে অমিত শ্বাহে।
শ্বাহে কয়, ৰাহুল গান্ধীক যদি পৰামৰ্শ বিচৰা হ’লহেঁতেন, তেন্তে তেওঁক নকল সংসদত এবাৰ প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰিবলৈ ক’লেহেঁতেন।
newznow.in