২ নৱেম্বৰ: কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লৈ পুনৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ‘আচল সংসদত প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে ৰাহুল গান্ধী, নকল সংসদতে প্ৰধানমন্ত্ৰী হওক’ বুলি মন্তব্য কৰি গান্ধী পৰিয়ালক লক্ষ্য কৰি তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

সোমবাৰে হায়দৰাবাদত বিজেপিৰ ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ পদযাত্ৰাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অমিত শ্বাহে।

‘নকল সংসদতে প্ৰধানমন্ত্ৰী হওক’

দুদিন পূৰ্বে দিল্লীত বিৰোধী দলসমূহে আয়োজন কৰা প্ৰতীকী সংসদৰ কাৰ্যসূচীক লৈ ৰাহুল গান্ধীক কটাক্ষ কৰে অমিত শ্বাহে।

শ্বাহে কয়, ৰাহুল গান্ধীক যদি পৰামৰ্শ বিচৰা হ’লহেঁতেন, তেন্তে তেওঁক নকল সংসদত এবাৰ প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰিবলৈ ক’লেহেঁতেন।

তেওঁৰ মন্তব্য, ৰাহুল গান্ধীয়ে প্ৰকৃত সংসদত কেতিয়াও প্ৰধানমন্ত্ৰীৰ আসনত বহিব নোৱাৰিব।

ছোনিয়া গান্ধীক লৈও মন্তব্য

ৰাহুল গান্ধীয়ে নকল সংসদত প্ৰধানমন্ত্ৰীৰ ভূমিকা পালন কৰিলে ছোনিয়া গান্ধীৰ মন অন্ততঃ কিছু পৰিমাণে শান্ত হ’ব বুলিও কটাক্ষ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

অমিত শ্বাহৰ এই মন্তব্যই দেশৰ ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।