নিৰ্বাচনী অনিয়ম আৰু চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে সৰৱ হৈ ২০২৬ৰ নিৰ্বাচন আৰু নগাঁও উপ-নিৰ্বাচনক ‘অবৈধ’ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
নিৰ্বাচনী অনিয়ম, ভোটাৰ তালিকাৰ বিসংগতিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিবহণ বিভাগৰ কাম-কাজলৈকে একাধিক বিষয়ত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ থাকিলেও কংগ্ৰেছে যুঁজৰ পথাৰৰ পৰা আঁতৰি নাথাকে।
ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছআইআৰ) প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে।
ৰঙাজানাৰ পথ দুৰ্ঘটনাৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্বাস্থ্য আৰু পৰিবহণ বিভাগৰ ব্যৱস্থাক লৈ জবাবদিহি কৰে।
newznow.in