নিৰ্বাচনী অনিয়ম, ভোটাৰ তালিকাৰ বিসংগতিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিবহণ বিভাগৰ কাম-কাজলৈকে একাধিক বিষয়ত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন আৰু নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক ‘অবৈধ’ আখ্যা দি বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে সাংসদগৰাকীয়ে।
এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ থাকিলেও কংগ্ৰেছে যুঁজৰ পথাৰৰ পৰা আঁতৰি নাথাকে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেহে অনিয়মৰ তথ্য সংগ্ৰহ কৰি ৰাইজৰ সন্মুখত দাঙি ধৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। নগাঁও উপ-নিৰ্বাচনত বিজেপিয়ে ‘ফাউল’ কৰি জয়লাভ কৰা বুলি অভিযোগ তুলি তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তেও পুনৰ অনিয়মৰ চেষ্টা চলিব পাৰে বুলি আশংকা প্ৰকাশ কৰে।
ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছআইআৰ) প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে। বিভিন্ন ৰাজ্যৰ লগতে অসমতো এছআইআৰৰ সময়ত নামৰ পুনৰাবৃত্তি, ভোটাৰৰ নাম বাদ পৰা আৰু স্থানান্তৰিত হোৱাৰ দৰে বিসংগতি দেখা গৈছে বুলি তেওঁ অভিযোগ তোলে। একে সময়তে বিজেপিৰ পূৰ্বৰ ৰাজনৈতিক দাবীৰ প্ৰসংগ টানি এই প্ৰক্ৰিয়াৰ অন্তত কিমানজন অবৈধ বাংলাদেশী চিনাক্ত হ’ল বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
ৰঙাজানাৰ পথ দুৰ্ঘটনাৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্বাস্থ্য আৰু পৰিবহণ বিভাগৰ ব্যৱস্থাক লৈ জবাবদিহি কৰে। তেওঁ অভিযোগ কৰে যে ৰাজ্যৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে যদিও ভিতৰত পৰ্যাপ্ত চিকিৎসা সুবিধা আৰু ৰোগী সেৱাৰ ব্যৱস্থা নাই, যাৰ ফলত ৰোগীসকল ব্যক্তিগত চিকিৎসালয়লৈ যাবলগীয়া হয়। স্বাস্থ্য বিভাগৰ কাম-কাজ আৰু ঠিকাদাৰী ব্যৱস্থাতো ব্যাপক অনিয়ম চলি থকা বুলি তেওঁ দাবী কৰে।
উজনি অসমৰ ছিণ্ডিকেটক লৈ বিজেপিৰ ভিতৰতে সংঘাত চলি থকা বুলি দাবী কৰি তেওঁ কয় যে ছিণ্ডিকেট চলোৱা আৰু সেয়া নিজৰ দখললৈ আনিব বিচৰা সকলো লোকেই বিজেপিৰ। মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীসকলৰ মাজত শীতল সংঘাত চলি থকা বুলিও তেওঁ অভিযোগ তোলে।
ড্ৰাগছ সমস্যাক লৈ তেওঁ কয় যে কেৱল আৰক্ষীৰ জৰিয়তে ইয়াৰ সমাধান সম্ভৱ নহয়, ইয়াৰ বাবে পুনৰ্সংস্থাপন আৰু চিকিৎসা সামৰি এক বাস্তৱসন্মত পৰিকল্পনাৰ প্ৰয়োজন। আনহাতে, ড্ৰাগছৰ নামত বিজেপিয়ে ধন সংগ্ৰহ কৰি দলীয় কামত ব্যৱহাৰ কৰা বুলিও তেওঁ অভিযোগ কৰে, যদিও এই সন্দৰ্ভত সংবাদমেলত কোনো তথ্য-প্ৰমাণ দাঙি ধৰা নাই।
হিন্দু-মুছলমান বিভাজনৰ ৰাজনীতিৰ পৰিৱৰ্তে নৱপ্ৰজন্মই শিক্ষা, চিকিৎসা আৰু বাস্তৱ সমস্যাৰ সমাধান বিচাৰে বুলি উল্লেখ কৰি গগৈয়ে কয় যে চৰকাৰখনে গণতান্ত্ৰিক আন্দোলন, কিতাপ, ছবি আৰু সাংবাদিকৰ প্ৰশ্নলৈ ভয় কৰে। ব্ৰিটিছক পৰাস্ত কৰাৰ দৰেই কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধেও দীৰ্ঘদিনীয়া যুঁজ অব্যাহত ৰাখিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।