কাশ্মীৰ উপত্যকাত এতিয়া কোনো স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা নাই বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
বান্দৰদেৱা: কাশ্মীৰ উপত্যকাত এতিয়া কোনো স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা নাই বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
গৃহমন্ত্ৰী শ্বাহে জনায় যে কাশ্মীৰ আৰক্ষীয়ে অলপতে পুলৱামাত হোৱা এক সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত অন্তিমজন পৰিচিত স্থানীয় সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে।
ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে ১৯৯০ৰ দশকৰ কাশ্মীৰৰ পৰিস্থিতি সোঁৱৰণ কৰে।
২০১৯ চনত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয় যে ইয়াৰ পাছতে কাশ্মীৰৰ যুৱপ্ৰজন্মৰ মাজৰ পৰা বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ অৱসান ঘটিছে।
newznow.in