বান্দৰদেৱা: কাশ্মীৰ উপত্যকাত এতিয়া কোনো স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকা নাই বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত অনুষ্ঠিত প্ৰেচিডেণ্টছ পুলিচ কালাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
গৃহমন্ত্ৰী শ্বাহে জনায় যে কাশ্মীৰ আৰক্ষীয়ে অলপতে পুলৱামাত হোৱা এক সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত অন্তিমজন পৰিচিত স্থানীয় সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে কাশ্মীৰ উপত্যকাত স্থানীয় সন্ত্ৰাসবাদীৰ উপস্থিতি শূন্য হৈ পৰিছে বুলি তেওঁ দাবী কৰে। অৱশ্যে উপত্যকাটোত এতিয়াও বিদেশী সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে বুলি তেওঁ উল্লেখ কৰে।
ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে ১৯৯০ৰ দশকৰ কাশ্মীৰৰ পৰিস্থিতি সোঁৱৰণ কৰে। সেই সময়ত সন্ত্ৰাসবাদ শীৰ্ষ পৰ্যায়ত আছিল আৰু কাশ্মীৰ ভাৰতৰ সৈতে কিমান দিন থাকিব পাৰিব, তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। নিৰাপত্তা বাহিনীৰ সাহস আৰু আত্মত্যাগৰ বাবেই কাশ্মীৰ দেশৰ সৈতে অখণ্ড হৈ ৰ'ল বুলি তেওঁ কয়।
২০১৯ চনত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয় যে ইয়াৰ পাছতে কাশ্মীৰৰ যুৱপ্ৰজন্মৰ মাজৰ পৰা বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ অৱসান ঘটিছে। বৰ্তমান উপত্যকাটোৰ কোনো কাশ্মীৰী যুৱক সন্ত্ৰাসবাদৰ সৈতে জড়িত নহয় বুলিও তেওঁ দাবী কৰে।
ইফালে, অৰুণাচল প্ৰদেশ আৰক্ষীক প্ৰেচিডেণ্টছ পুলিচ কালাৰ সন্মানেৰে বিভূষিত কৰা বিষয়টোক ৰাজ্যখনৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে গৃহমন্ত্ৰীয়ে। এই স্বীকৃতিৰ বাবে তেওঁ অৰুণাচল আৰক্ষী, ৰাজ্যৰ জনসাধাৰণ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। জনসাধাৰণ আৰু দেশৰ প্ৰতি নিষ্ঠাপূৰ্ণ সেৱাৰ স্বীকৃতি হিচাপে আৰক্ষী বাহিনীক এই সৰ্বোচ্চ সন্মান আগবঢ়োৱা হয়।