অৰুণাচল প্ৰদেশৰ আৰক্ষী আৰু নিৰাপত্তা বিভাগত নতুনকৈ নিযুক্তি পোৱা ৯৩২গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
মুঠ ছটা শ্ৰেণীৰ পদত এই নিযুক্তি প্ৰদান কৰা হৈছে।
উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুও উপস্থিত থাকে।
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সকলো নৱনিযুক্ত কৰ্মীৰে সফল কৰ্মজীৱন কামনা কৰি কয় যে ৰাজ্যখনৰ সেৱাত তেওঁলোকে নিষ্ঠাৰে দায়িত্ব পালন কৰিব।
বন্দৰদেৱাস্থিত পুলিচ ট্ৰেইনিং একাডেমীত অনুষ্ঠিত এক অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলক এই নিযুক্তি-পত্ৰসমূহ বিতৰণ কৰে।
newznow.in