অৰুণাচল প্ৰদেশৰ আৰক্ষী আৰু নিৰাপত্তা বিভাগত বিভিন্ন পদত নতুনকৈ নিযুক্তি লাভ কৰা ৯৩২গৰাকী প্ৰাৰ্থীক শনিবাৰে আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বন্দৰদেৱাস্থিত পুলিচ ট্ৰেইনিং একাডেমীত অনুষ্ঠিত এক অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলক এই নিযুক্তি-পত্ৰসমূহ বিতৰণ কৰে।
মুঠ ছটা শ্ৰেণীৰ পদত এই নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ ১৪গৰাকী বেণ্ড কনিষ্টবল আৰু ২৩৫গৰাকী কনিষ্টবল, অসামৰিক আৰক্ষীৰ ১৫৭গৰাকী মহিলা কনিষ্টবল আৰু ২১১গৰাকী পুৰুষ কনিষ্টবল আছে। তদুপৰি অগ্নিনিৰ্বাপক সেৱাৰ ৭২গৰাকী কৰ্মী আৰু বিশেষ বাঘ সুৰক্ষা বাহিনীৰ ২৪৩গৰাকী কৰ্মীয়েও এই নিযুক্তি লাভ কৰে।
উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুও উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত সকলোকে অভিনন্দন জনায়। অনুষ্ঠানত উপস্থিত থাকি নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ বাবে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সকলো নৱনিযুক্ত কৰ্মীৰে সফল কৰ্মজীৱন কামনা কৰি কয় যে ৰাজ্যখনৰ সেৱাত তেওঁলোকে নিষ্ঠাৰে দায়িত্ব পালন কৰিব। এই নিযুক্তিৰ জৰিয়তে ৰাজ্যখনৰ আৰক্ষী, অগ্নিনিৰ্বাপক সেৱা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত নতুনকৈ ৯৩২গৰাকী কৰ্মী সংযোজিত হ'ল।