ভাৰতৰ ৭ শতাংশ বিকাশৰ হাৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰশংসা কৰাৰ পিছতে ৰাহুল গান্ধীক কটাক্ষ কৰিছে বিজেপিয়ে।
ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপি বৃদ্ধিৰ হাৰ ৭ শতাংশ বুলি উল্লেখ কৰি দেশখনৰ অৰ্থনৈতিক প্ৰগতিৰ প্ৰশংসা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
হোৱাইট হাউছত অনুষ্ঠিত এক সংবাদমেলত ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰসংগ উত্থাপন কৰে।
আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সুতৰ হাৰ নীতিৰ সমালোচনা কৰি ট্ৰাম্পে কয় যে অৰ্থনৈতিক পৰিসংখ্যা ইতিবাচক হোৱাৰ সময়তো কেন্দ্ৰীয় বেংকটোৱে সুতৰ হাৰ বৃদ্ধিহে কৰে।
ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে বিজেপি নেতা আশীষ সুদে সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে।
newznow.in