ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপি বৃদ্ধিৰ হাৰ ৭ শতাংশ বুলি উল্লেখ কৰি দেশখনৰ অৰ্থনৈতিক প্ৰগতিৰ প্ৰশংসা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পিছতে দেশৰ ৰাজনীতিতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিষয়টোক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি তীব্ৰ কটাক্ষ কৰিছে বিজেপিয়ে।

হোৱাইট হাউছত অনুষ্ঠিত এক সংবাদমেলত ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতত সুতৰ হাৰ তুলনামূলকভাৱে কম হোৱাৰ বাবেই দেশখনে ৭ শতাংশ জিডিপি বৃদ্ধিৰ হাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমেৰিকাতো অনুৰূপভাৱে সুতৰ হাৰ হ্ৰাস কৰিলে দেশখনৰ অৰ্থনৈতিক বিকাশ ১৪ৰ পৰা ২০ শতাংশলৈ বৃদ্ধি পাব পাৰে বুলি তেওঁ মন্তব্য কৰে।

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সুতৰ হাৰ নীতিৰ সমালোচনা কৰি ট্ৰাম্পে কয় যে অৰ্থনৈতিক পৰিসংখ্যা ইতিবাচক হোৱাৰ সময়তো কেন্দ্ৰীয় বেংকটোৱে সুতৰ হাৰ বৃদ্ধিহে কৰে। ইতিবাচক তথ্যৰ ওপৰত ভিত্তি কৰি সুতৰ হাৰ হ্ৰাস কৰাটোহে উচিত বুলি তেওঁ মত প্ৰকাশ কৰে।

ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে বিজেপি নেতা আশীষ সুদে সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে। নেতাগৰাকীয়ে অভিযোগ কৰে যে সমগ্ৰ বিশ্বই ভাৰতৰ বিকাশক স্বীকৃতি দিছে, কিন্তু ৰাহুল গান্ধী আৰু কংগ্ৰেছে দেশৰ এই সফলতাক উপেক্ষা কৰি আহিছে। ট্ৰাম্পৰ এই স্বীকৃতিয়ে ভাৰতৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা আৰু অৰ্থনৈতিক শক্তিক প্ৰতিফলিত কৰিছে বুলিও তেওঁ দাবী কৰে।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ জুলাই মাহত ট্ৰাম্পে ভাৰতৰ বাণিজ্য নীতি আৰু ৰাছিয়াৰ সৈতে থকা সম্পৰ্কক সমালোচনা কৰি দেশখনৰ অৰ্থনীতিক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰিছিল। সেই সময়ত ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ ঘোষণাও কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে শেহতীয়া সংবাদমেলত তেওঁ ভাৰতৰ অৰ্থনৈতিক বিকাশক স্পষ্টভাৱে প্ৰশংসা কৰে।