ৰাজনীতি

ধনদাবী আৰু ছিণ্ডিকেটৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা শিৱচান্দ হাতীবৰুৱাক বহিষ্কাৰ

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

ধনদাবী আৰু ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা শিৱচান্দ হাতীবৰুৱাক দলৰ পৰা বহিষ্কাৰ কৰিছে ৰাজ্যিক বিজেপিয়ে।

২ / ৫

উজনি অসমত বিজেপি যুৱ মৰ্চাৰ এই নেতাগৰাকীৰ বিৰুদ্ধে ছিণ্ডিকেট চলোৱাৰ অভিযোগ দুদিন পূৰ্বে পোহৰলৈ আহে।

৩ / ৫

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে বিজেপিৰ নাম লৈ একাংশ লোকে দালালিত নামি পৰিছে।

৪ / ৫

ইফালে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটায়ো বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

৫ / ৫

শিৱচান্দ হাতীবৰুৱাৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ আৰু ফোন কলৰ কথোপকথনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্যাহত আছে।

ধনদাবী আৰু ছিণ্ডিকেটৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা শিৱচান্দ হাতীবৰুৱাক বহিষ্কাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক