ধনদাবী আৰু ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগক লৈ শ'লঠেকত পৰা বিজেপি যুৱ মৰ্চাৰ নেতা শিৱচান্দ হাতীবৰুৱাক অৱশেষত দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশত ৰাজ্যিক বিজেপিৰ নেতৃত্বই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উজনি অসমত বিজেপি যুৱ মৰ্চাৰ এই নেতাগৰাকীৰ বিৰুদ্ধে ছিণ্ডিকেট চলোৱাৰ অভিযোগ দুদিন পূৰ্বে পোহৰলৈ আহে। কেইটামান ফোন কলৰ কথোপকথন ৰাজহুৱা হোৱাৰ পিছতে বিষয়টোৱে ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰে। সেই কথোপকথনৰ ভিত্তিতে হাতীবৰুৱাৰ বিৰুদ্ধে ধনদাবী আৰু ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হয়।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে বিজেপিৰ নাম লৈ একাংশ লোকে দালালিত নামি পৰিছে। প্ৰকৃত বিজেপি কৰ্মী কেতিয়াও এনে কাৰ্যকলাপত লিপ্ত নহয় বুলি উল্লেখ কৰি দলত একাংশ দালাল স্বভাৱৰ কাৰ্যকৰ্তা থকাৰ কথাও তেওঁ স্বীকাৰ কৰে। এনে লোকৰ পৰা সাৱধান হ'বলৈ দলীয় কৰ্মীসকলক আহ্বান জনোৱাৰ লগতে অভিযুক্তসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ ৰাইজক আহ্বান জনায় সভাপতিগৰাকীয়ে।

ইফালে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটায়ো বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে কাৰোবাৰ সৈতে ফটো উঠিলেই তেওঁৰ সৈতে সম্পৰ্ক থকাটো প্ৰমাণ নহয়, কাৰণ ফটো তোলাৰ পূৰ্বে কাৰো পটভূমি পৰীক্ষা কৰা সম্ভৱ নহয়। কোনো ব্যক্তিয়ে অপৰাধ কৰিলে তেওঁ বিজেপি বা অগপ যিকোনো দলৰ সৈতেই জড়িত নহওক কিয়, শাস্তি পাবই লাগিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

শিৱচান্দ হাতীবৰুৱাৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ আৰু ফোন কলৰ কথোপকথনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্যাহত আছে।